সেউজীয়া সপোন এটাৰ পিছে পিছে দৌৰি আছোঁ মই...
(উপন্যাস - অচিন কুমাৰ)
| সেউজীয়া সপোন এটাৰ পিছে পিছে দৌৰি আছোঁ মই... |
একঃ নিসংগ আকাশ
এই ডায়েৰীখন কেৱল কাগজৰ সমষ্টি নহয়, ই তাৰ জীৱনৰ সেই সেউজীয়া সপোনটোৰ নীৰৱ সাক্ষী
অচিন্ত, তুমি পাৰিবা। তোমাৰ চকুৰ এই জিলিকনিটোৱেই এদিন তোমাক বহুত ওপৰলৈ লৈ যাব। মাত্ৰ সপোনটো নেহেৰুৱাবা...
বুলবুলৰ কণ্ঠস্বৰটো এতিয়াও তাৰ কাণত বাজি থাকে। ঠিক যেন এইমাত্ৰ কাষত বহি তাই কথাখিনি কৈয়ে আছে। অচিন্তৰ চকুৰ কোণত এক বিন্দু তপত চকুলো বিৰিঙি উঠিল। আজি সি এজন এ.চি.এছ. (ACS) বিষয়া। ডিঙিত ওলোমাই থকা চিনাক্তকৰণ পত্ৰখন আৰু সন্মুখৰ মেজত থকা নেমপ্লেটটোৱে তাৰ সফলতাৰ কথা চিঞৰি চিঞৰি কয়। কিন্তু এই সফলতাৰ বিনিময়ত সি যি হেৰুৱালে, তাৰ হিচাপ কোনো ফাইলত পোৱা নাযায়।
অচিন্তৰ মনটো উৰা মাৰিলে দহ বছৰ আগৰ সেই দিনবোৰলৈ।
অভাৱ আছিল সিহঁতৰ নিত্য সংগী। দেউতাকৰ সামান্য উপাৰ্জনেৰে ঘৰখন চলোৱাই টান আছিল, তাতে আকৌ অচিন্তৰ পঢ়া-শুনাৰ খৰচ। আধাতে ফাটি যোৱা চেন্দেলযোৰ চিলাই কৰি পিন্ধি সি যেতিয়া স্কুললৈ গৈছিল, মনত কোনো হীনমন্যতা নাছিল। কাৰণ স্কুলৰ সেই একেখন বেঞ্চতে বহিছিল বুলবুল।
বুলবুল — যাৰ হাঁহিটোত ৰাতিপুৱাৰ কোমল ৰ’দজাক লুকাই আছিল লুকাই আছিল অচিন্ত সেউজীয়া সপোনৰ বীজ। তাই কেতিয়াও অচিন্তৰ দৰিদ্ৰতাক উপলুঙা কৰা নাছিল, বৰঞ্চ প্ৰতিটো খোজত সাহস দিছিল। তাই জানিছিল, অচিন্তৰ পকেটত টকা নাথাকিব পাৰে, কিন্তু তাৰ মগজুত অদম্য জেদ আৰু বুকুত এটা বিৰাট সপোন আছে।
খিৰিকীৰ বাহিৰত বৰষুণ এজাক আৰম্ভ হ’ল। বৰষুণৰ টোপালবোৰে টিনৰ চালত এক চিনাকি সংগীতৰ সৃষ্টি কৰিলে। অচিন্তই চকুহাল জপাই দিলে। সি দেখিবলৈ পালে— মাস্ক পিন্ধা এখন মুখ, হস্পিতালৰ বগা বিছনা আৰু চাৰিওফালে এক মৰ্মান্তিক নীৰৱতা। ক’ৰোনাৰ সেই বিভীষিকাই নিমিষতে সকলো ওলট-পালট কৰি দিছিল। যিজনী ছোৱালীয়ে তাক জীয়াই থকাৰ মন্ত্ৰ দিছিল, সেইজনীয়েই এদিন নীৰৱে চকু মুদিলে।
মই আৰু নোৱাৰিম বুলবুল... এই সপোন তোমাৰ অবিহনে অসাৰ।
— সেইদিনা সি চিঞৰি চিঞৰি কান্দিছিল। পঢ়া-শুনা, লক্ষ্য সকলো যেন এক মুহূৰ্ততে অৰ্থহীন হৈ পৰিছিল।
কিন্তু নহয়, বুলবুলে তাক হাৰিবলৈ শিকোৱা নাছিল। বিৰহৰ সেই জুইকুৰাকেই সি ইন্ধন কৰি ল’লে। তাইৰ শেষ ইচ্ছা আছিল সি যেন এজন সফল প্ৰশাসনিক বিষয়া হৈ সমাজৰ বাবে কাম কৰে। সেই সেউজীয়া সপোনটোৰ পিছে পিছে সি দৌৰিবলৈ আৰম্ভ কৰিলে— নিৰন্তৰ, অবিৰাম।
বৰষুণজাক অলপ কমিছে। অচিন্তই ডায়েৰীখন জপাই থৈ চকীখনৰ পৰা উঠিল। আইনাখনৰ সন্মুখত থিয় হৈ সি নিজৰ প্ৰতিচ্ছবি চালে। মুখত এতিয়া পূৰ্বৰ সেই চঞ্চলতা নাই, আছে এক গম্ভীৰ দায়িত্ববোধ।
সি নিজকে নিজে ফুচফুচাই ক’লে —
সকলো তোমাৰ বাবেই বুলবুল, সদায় মোৰ চা হৈ থাকিবা...
উত্তৰত একো নাহিল, কেৱল খিৰিকীৰে সোমাই অহা এজাক চেঁচা বতাহে তাৰ চুলিখিনি আউল-বাউল কৰি দি গ’ল। যেন বুলবুলে অদৃশ্য হাতেৰে তাক মৰমহে কৰিলে।
ক্ৰমশঃ