ভেলেন্টাইন ডে আৰু অসমৰ লোক-সংস্কৃতি — বিশ্বজিৎ দাস

ভেলেন্টাইন ডে আৰু অসমৰ লোক-সংস্কৃতি
দৈনন্দিন বাৰ্তা; ১৪/০২/২০২৬

সময়ৰ পৰিবৰ্তনৰ লগে লগে সমাজ এখনৰ আচাৰ-আচৰণ আৰু উৎসৱ-পাৰ্বনৰ ৰূপৰেখাও সলনি হয়। বৰ্তমানৰ বিশ্বায়নৰ যুগত সাংস্কৃতিক আদান-প্ৰদান এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিছে। এই প্ৰক্ৰিয়াৰ এক অন্যতম ফচল হ’ল ‘ভেলেন্টাইন ডে’ বা ‘প্ৰেমৰ দিৱস’। বিশেষকৈ একবিংশ শতিকাৰ প্ৰথমটো দশকৰ পৰা অসমৰ চহৰীয়া আৰু গ্ৰাম্য উভয় সমাজতে এই দিৱসৰ চৰ্চা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে পালন কৰা এই পশ্চিমীয়া উৎসৱটিৰ জোৱাৰে আজিৰ অসমীয়া সমাজৰ নতুন প্ৰজন্মক বিশেষভাৱে স্পৰ্শ কৰিছে। কিন্তু এই উৎসৱৰ আতিশয্যৰ মাজত আমাৰ স্বকীয় লোক-সংস্কৃতিৰ প্ৰেমৰ আধাৰবোৰ জানো ক’ৰবাত হেৰাই যাব খোজা নাই ? এয়া এক গভীৰ চিন্তনীয় বিষয়।

মূলতঃ খ্ৰীষ্টীয় পৰম্পৰাৰ পৰা অহা ভেলেন্টাইন ডে বৰ্তমান এক বৃহৎ বাণিজ্যিক উৎসৱলৈ ৰূপান্তৰিত হৈছে। উপহাৰৰ আদান-প্ৰদান, ৰঙা গোলাপৰ আধিপত্য আৰু কৃত্ৰিমতাৰ এক আৱৰণে ইয়াক আৱৰি ধৰিছে। অৱশ্যে প্ৰেম এক সৰ্বজনীন অনুভূতি। গতিকে ইয়াক কোনো ভৌগোলিক সীমাৰেখাত আবদ্ধ কৰি ৰাখিব নোৱাৰি। কিন্তু সমস্যাটো তেতিয়াহে হয়, যেতিয়া আমি নিজস্ব পৰম্পৰাৰ মাজত থকা প্ৰেমৰ নিৰভাজ স্বৰূপটো পাহৰি আনৰ অনুকৰণতহে প্ৰেমৰ সার্থকতা বিচাৰো।


অসমৰ লোক-সংস্কৃতি হ’ল প্ৰেম আৰু বিৰহৰ এক বিশাল ভঁৰাল। আমাৰ বসন্ত উৎসৱ অৰ্থাৎ ব’হাগ বিহু হ’ল প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ এক শ্ৰেষ্ঠ উদাহৰণ। যি সময়ত সমগ্ৰ বিশ্বই এটা দিনৰ বাবে প্ৰেমৰ দিৱস পালন কৰে, আমাৰ সমাজত সমগ্ৰ বহাগ মাহটোৱেই প্ৰেমৰ উৎসৱ হৈ ধৰা দিয়ে। কপৌ ফুলৰ মাদকতা, ঢোলৰ গুমগুমনি আৰু পেঁপাৰ লহৰে যি প্ৰেমৰ বতৰা বিলায়, তাত কোনো বাণিজ্যিক কৃত্ৰিমতা নাথাকে।
বিহুগীতবোৰ আমাৰ লোক-জীৱনৰ প্ৰেমৰ নিৰ্ভুল দলিল।
চাপ্লাই চাবুনে গা-ও নোধো ম‌ই
নৈ টো নামাৰো বুৰ।
দিনটোৰ ভিতৰত এবাৰ নেদেখিলে
শাৰিৰত নাপাওঁ মই যোৰ ।।
— এনেবোৰ পংক্তিয়ে প্ৰেমৰ যি গভীৰতা আৰু আধ্যাত্মিকতাক বুজায়, সি পশ্চিমীয়া 'চকলেট' বা 'টেডি বিয়েৰ'ৰ ধাৰণাতকৈ বহু বেছি শক্তিশালী। আমাৰ লোক-সংস্কৃতিয়ে কেৱল পুৰুষ-মহিলাৰ প্ৰেমকেই নহয়, বৰঞ্চ প্ৰকৃতিৰ সৈতে মানুহৰ একাত্মবোধকো প্ৰেমৰ মৰ্যাদা দিছে।

ভেলেন্টাইন ডেক বিৰোধিতা কৰাতকৈ ইয়াক আমাৰ স্বকীয়তাৰ সৈতে কেনেকৈ মিলাই চাব পাৰি, সেয়াহে গুৰুত্বপূৰ্ণ। বৰ্তমানৰ বহু যুৱক-যুৱতীয়ে ভেলেন্টাইন ডে’ৰ দিনা অসমীয়া সাজ-পাৰ পিন্ধি ফুৰিবলৈ যোৱাটো এক ইতিবাচক দিশ। ইয়াৰ দ্বাৰা বুজা যায় যে আধুনিকতাৰ ধামখুমীয়াতো আমি আমাৰ পৰিচয় সম্পূৰ্ণৰূপে বিসৰ্জন দিয়া নাই। কিন্তু একে সময়তে আমি আমাৰ নতুন প্ৰজন্মক ‘যোৰা নাম’, ‘বনগীত’ বা ‘বিহুগীত’ৰ মাজত থকা প্ৰেমৰ সেই সহজ-সৰল অথচ পবিত্ৰ ধাৰণাটিৰ সৈতেও চিনাকি কৰি দিয়াৰ প্ৰয়োজন আছে।

প্ৰেম কোনো নির্দিষ্ট দিনৰ বান্ধোনত আবদ্ধ নহয়। বসন্তৰ আগমণত কুলিৰ মাতে আমাৰ মন যিদৰে প্ৰেমত জিপাল কৰি তোলে, ভেলেন্টাইন ডে’ৰ লহৰেও হয়তো আধুনিক মানুহৰ যান্ত্ৰিক জীৱনত অলপ আৱেগৰ সঞ্চাৰ কৰে। কিন্তু মনত ৰখা উচিত যে আনৰ সংস্কৃতিৰ ভালখিনি গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিজৰ শিপাডালৰ মৰ্ম বুজি পোৱাটোহে প্ৰকৃত সংস্কৃতিৱানৰ পৰিচয়। ভেলেন্টাইন ডে কেৱল এটা দিনৰ হ’ব পাৰে, কিন্তু আমাৰ লোক-সংস্কৃতিৰ প্ৰেমৰ অমিয়া ধাৰা চিৰকালৰ।

*

Post a Comment (0)
Previous Post Next Post