শিক্ষাৰ বাণিজ্য আৰু শিক্ষক তথা নিবনুৱা যুৱক-যুৱতীৰ আত্মসন্মান — অচিন কুমাৰ

 শিক্ষাৰ বাণিজ্য আৰু  শিক্ষক তথা নিবনুৱা যুৱক-যুৱতীৰ আত্মসন্মান

(প্ৰকাশ: দৈনন্দিন বাৰ্তা)


বৰ্তমান সময়ত নিবনুৱা সমস্যাই আমাৰ সমাজখনক  এনেকুৱা এক সন্ধিক্ষণলৈ লৈ গৈছে, য’ত শিক্ষিত যুৱক-যুৱতীসকলে জীৱিকাৰ তাগিদাত নিজৰ আত্মসন্মান বিসৰ্জন দিবলৈ বাধ্য হৈছে। বিশেষকৈ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কাম-কাজ আৰু চৰিত্ৰই আজিৰ সভ্য সমাজক লজ্জিত কৰিছে। 


জাতীৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, 

শিক্ষাই মানুহৰ অন্তৰ্নিহিত সৰ্বোত্তম গুণসমূহৰ বিকাশ ঘটাব লাগে।

- কিন্তু আজিৰ অসমৰ অৰ্থসামাজিক প্ৰেক্ষাপটত গান্ধীজীৰ এই সপোন যেন এক অতি তিতা বাস্তৱৰ মুখামুখি হৈছে। চৰকাৰী নিয়োগ প্ৰক্ৰিয়াৰ সীমাহীন লেহেমীয়া গতি আৰু অনিশ্চয়তাই হাজাৰ হাজাৰ মেধাৱী শিক্ষিত নিবনুৱা যুৱক-যুৱতীক এক অন্ধকাৰ গহ্বৰলৈ ঠেলি দিছে। য’ত জীৱিকাৰ সন্ধান কৰিবলৈ গৈ তেওঁলোকে লাভ কৰিছে কেৱল শোষণ, লাঞ্ছনা আৰু আধুনিক দাসত্ব।


চৰকাৰী চাকৰিৰ অভাৱত বহু মেধাৱী যুৱক-যুৱতীয়ে অতি সামান্য দৰমহাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষকতাৰ বৃত্তি গ্ৰহণ কৰে। কিন্তু সেই ‘পবিত্ৰ’ বৃত্তিটো যেতিয়া এজন স্বৈৰাচাৰী মালিক বা অধ্যক্ষৰ হাতত পৰে, তেতিয়া সেয়া শিক্ষকতা হৈ নাথাকি এক আধুনিক দাসত্বলৈ পৰ্যবসিত হয়।


আজিৰ গলিৰে-গলিয়ে গঢ়ি উঠা বেছিভাগ ব্যক্তিগত বিদ্যালয়েই যেন একো একোটা সুসজ্জিত 'শিক্ষাৰ শ্বপিং মল'। ইয়াত জ্ঞান বিতৰণতকৈ অধিক গুৰুত্ব দিয়া হয় মুনাফা অৰ্জনৰ ওপৰত। জোটা-মুজাৰ পৰা আদিকৰি কিতাপ-বহী, ইউনিফৰ্ম, আনকি কলম-পেন্সিল পৰ্যন্ত বিদ্যালয়ৰ নিৰ্ধাৰিত বিপণীৰ পৰাই বজাৰ দৰতকৈ দুগুণ-তিনিগুণ বেছি দামত ক্ৰয় কৰিবলৈ অভিভাৱকক বাধ্য কৰোৱা হয়। শিক্ষাৰ দৰে পবিত্ৰ সেৱাক এনেদৰে এক নিৰ্দয় বাণিজ্যিক পসৰালৈ ৰূপান্তৰ কৰাটোৱে সমাজৰ নৈতিক স্খলনৰ চৰম পৰাকাষ্ঠা প্ৰদৰ্শন কৰিছে।

কিন্তু এই ব্যৱসায়িক সাম্ৰাজ্যৰ নেপথ্যৰ কাহিনীবোৰ তাতোকৈও লজ্জাজনক। নিবনুৱা যুৱক-যুৱতীৰ অসহায় অৱস্থাক মূলধন হিচাপে লৈ একাংশ 'কৃপণ' আৰু স্বৈৰাচাৰী মালিকে তেওঁলোকক অমানুষিক শোষণ কৰিছে। খৰচ ৰাহি কৰাৰ কুৎসিত লালসাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি নিদি এজন উচ্চ শিক্ষিত শিক্ষকক শৌচালয় চাফা কৰিবলৈ বা তেনেধৰণৰ হীন কাম কৰিবলৈ বাধ্য কৰা হয়। ৫০০০ টকাৰ এক সামান্য পলিচৰে তেওঁলোকৰ মেধা আৰু মৰ্যাদাক কিনি লোৱাৰ দুঃসাহস কৰিছে এই ব্যৱসায়ীসকলে।

গান্ধীজীৰ 'শ্ৰমৰ মৰ্যাদা'ক ঢাল হিচাপে লৈ শিক্ষকক গোলাম সজোৱা এই ব্যৱস্থাটোৰ বিৰুদ্ধে আজি নেতাজীৰ দৰে বিপ্লৱী চেতনাৰ প্ৰয়োজন।

শ্ৰমৰ মৰ্যাদা আমি সকলোৱে স্বীকাৰ কৰোঁ, কিন্তু এজন ব্যক্তিক তেওঁৰ শৈক্ষিক অৰ্হতা আৰু বৃত্তিৰ বিপৰীতে জোৰ-জুলুমকৈ অন্য কামত ব্যৱহাৰ কৰাটো শ্ৰম আইনৰ পৰিপন্থী। ইয়াতকৈও ভয়ংকৰ কথাটো হ’ল— মানসিক নিৰ্যাতন। যদি কোনো শিক্ষকে এই শোষণৰ বিৰুদ্ধে মাত মাতে, তেন্তে তেওঁক অন্য শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে ককৰ্থনা কৰা হয়। যিখন বিদ্যালয়ত এজন শিক্ষকক ছাত্ৰৰ চকুৰ সন্মুখত লঘু কৰা হয়, সেইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক সন্মান কৰিবলৈ কেনেকৈ শিকিব? 

নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল— 

আপোচ কৰাটোৱে হ’ল আটাইতকৈ ডাঙৰ অপৰাধ।

কিন্তু দৰিদ্ৰতাই আজিৰ শিক্ষিত নিবনুৱাক এই অপৰাধ কৰিবলৈ বাধ্য কৰিছে। যিজন শিক্ষকে শ্ৰেণীকোঠাত জ্ঞানৰ পোহৰ বিলায়, সেইজন শিক্ষককে যেতিয়া নিজৰ প্ৰাপ্য মৰ্যাদাৰ বাবে মাত মাতিলে ছাত্ৰ-ছাত্ৰী আৰু সতীৰ্থৰ সন্মুখত গালি-গালাজ কৰি অপদস্থ কৰা হয়, তেতিয়া সেই সমাজৰ পতন নিশ্চিত হৈ পৰে। এয়া কেৱল এজন শিক্ষকৰ অপমান নহয়, এয়া সমগ্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এক কুঠাৰাঘাত।


শিক্ষা বিভাগ আৰু চৰকাৰে ব্যক্তিগত খণ্ডৰ এই মুকলি বেহা আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ নীতি নিৰ্ধাৰণ কৰাৰ নিতান্তই প্ৰয়োজন। এজন ব্যক্তিগত খণ্ডৰ শিক্ষকৰ দক্ষতা আৰু দৰমহা কিমান হ’ব লাগে আৰু তেওঁৰ কৰ্তব্যৰ পৰিধি কিমান— সেই সম্পৰ্কে স্পষ্ট নিৰ্দেশনা থকাটো জৰুৰী।

যিখন সমাজত এজন শিক্ষকৰ মৰ্যাদা শৌচালয়ৰ মজিয়াত ধূলিসাৎ হয় আৰু শিক্ষা কেৱল দোকানৰ সামগ্ৰীত পৰিণত হয়, সেই সমাজৰ পৰা আমি কোনো সুস্থ প্ৰজন্ম আশা কৰিব নোৱাৰোঁ। আজিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে নিজৰ স্বাভিমানৰ বাবে একত্ৰিত হোৱাৰ প্ৰয়োজন। কিয়নো আত্মসন্মান অবিহনে অৰ্জন কৰা শিক্ষা আৰু জীৱিকা— দুয়োটাই মূল্যহীন।

*

Post a Comment (0)
Previous Post Next Post